TOP NEWS

6/recent/ticker-posts

Header Ads Widget

মাহজোৰা নাট কৰ্মশালাৰ সামৰণি

ষ্টাফ ৰিপ'ৰ্টাৰ,কাকপথাৰ, ২৮ জুলাই: অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কাকপথাৰ আঞ্চলিক সমিতি আৰু “উৎস” অসমৰ উদ্যোগত তথা কাকপথাৰ মহিলা সমিতিৰ সহযোগত কাকপথাৰ আঞ্চলিক সাংস্কৃতিক সংঘ প্ৰাংগনত ৩ জুলাইৰ পৰা কেইবাজনো বিশিষ্ট নাট্য কৰ্মীৰ তত্বাৱধানত আৰম্ভ কৰা নাট,ব্যক্তিত্ব বিকাশ আৰু ভোৰতাল নৃত্য প্ৰশিক্ষণ কৰ্মশালাৰ ২৭ জুলাইত সফল সামৰণি পৰে ৷ শতাধিক কিশোৰ কিশোৰীয়ে অংশগ্ৰহণ কৰা এই কৰ্মশালাৰ অন্তত যোৱানিশা তিনিখন শিশু নাটকৰ লগতে এখন প্ৰাপ্তবয়স্ক নাট মঞ্চস্থ কৰা হয় ৷ এই নাট কৰ্মশালাৰ সামৰণি অনুষ্ঠানত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যুটীয়া সম্পাদক সুৰজিত মৰাণ,জিলা সমাতিৰ সভাপতি সোনমনি চলিহা,সম্পাদক কাঞ্চন বৰা,উৎস অসমৰ সঞ্চালক বিপুল ফুকন,কাকপথাৰ প্ৰেছ ক্লাৱৰ সভাপতি বিজয় দত্ত আদি ভালেসংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে ৷সামৰণি অনুষ্ঠানটোত মাজুলী কমলাবাৰী সত্ৰৰ বৰবায়ন কিৰণ বৰাৰ পৰিচালনাত ভোৰতাল নৃত্য,বিপনজিৎ গগৈ,ডলী কোৱঁৰ আৰু ৰণজিৎ সন্দিকৈৰ পৰিচালনাত তিনিখন শিশু নাটকৰ লগতে সুনিত কুমাৰ বড়াৰ পৰিচালনাত মঞ্চস্থ হোবা প্ৰাপ্তবয়স্ক নাটকে সহস্ৰাধিক দৰ্শকক মুগ্ধ কৰি তোলে৷

Post a Comment

0 Comments