TOP NEWS

6/recent/ticker-posts

Header Ads Widget

কাকপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ 'বিশেষ অভিনন্দন অনুষ্ঠান'

ষ্টাফ ৰিপ'ৰ্টাৰ, কাকপথাৰ, ২৯ জুলাই : কাকপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত কাকপথাৰ অঞ্চলটোৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৭৫% ত কৈ অধিক নন্বৰ লাভ কৰিবলৈ সক্ষম হ'ল সেইসকল কৃতিমান ছাত্ৰ ছাত্ৰীসকলক কাকপথাৰৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত 'বিশেষ অভিনন্দন ' নামেৰে এক অনুস্থান অনুস্থিত কৰি কাকপথাৰৰ গন্য মান্য ব্যক্তিসকলৰ জৰিয়তে এক অনুপ্ৰেৰণামূলক অভিনন্দন জনোৱা হয় ।উক্ত অভিনন্দন অনুস্থানখনিত কাকপথাৰৰ উন্নয়ন খণ্ডৰ প্ৰাক্তন খণ্ড উন্নয়ন বিষয়া ৰত্নেশ্বৰ দত্ত দেৰে সভাপতিৰ আসন অলংকৃত কৰে । অনুস্থানটোত বিশিষ্ট অতিথি হিচাপে সদৌ অসম ছাত্ৰ সন্থাৰ উপ-সভাপতি বিনয় ডুবে দেৱ,মূখ্য অতিথি হিচাপে সদৌ অসম ছাত্ৰ সন্থাৰ মূখ্য সাংগঠনিক সম্পাদক অভিবৰ্তন গোস্বামী ডাঙৰীয়া, তিনিচুকীয়া জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক বিতোপন হাজৰিকা লগতে বিশিষ্ট অতিথি হিচাপে পদ্মনাথ গোহাঁ‌ই বৰুৱা চৰকাৰী আদৰ্শ মহাবিদ্যালয়ৰ অধক্ষ্য ড° থানোৰাম মজুমদাৰ ডাঙৰীয়া আৰু কাকপথাৰ অঞ্চলৰ বিভিন্ন বিদ্যালয়ৰ অধ্যক্ষ, প্ৰধান শিক্ষক সকলৰ শিক্ষক শিক্ষয়ত্ৰী লগতে কাকপথাৰৰ গন্য মান্য ব্যক্তিসকলৰ উপস্থিতিত অনুস্থানটো সফল সমাপ্তি ঘটে । অনুষ্ঠানটোত আদৰণি ভাষন আগবঢ়ায় কাকপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি অতুল বড়া দেৱে আৰু উদেশ্য ব্যাখা কৰে কাকপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হেমাংগ গগৈ দেৱে লগতে চিনাকি পৰ্ব আগবঢ়ায় কাকপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা কনচেং গগৈ দেৱে আৰু ছাত্ৰ ছাত্ৰী সকলক অভিনন্দন অনুষ্ঠানত আত ধৰে কাকপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা বিতু ডেকা দেৱে পৰিশেষত অসম সংগীতেৰে আজিৰ অনুষ্ঠানৰ সফল সমাপ্তি হয়।

Post a Comment

0 Comments