TOP NEWS

6/recent/ticker-posts

Header Ads Widget

মৰিগাঁৱৰ ভূৰাগাঁওত তিনি ছাইবাৰ অপৰাধী গ্ৰেপ্তাৰ

ষ্টাফ ৰিপৰ্টাৰ, মৰিগাঁও, 26 জুলাই: মৰিগাঁও জিলাৰ ভূৰাগাঁও আৰক্ষী থানাৰ অন্তৰ্গত জৰিবৰ বেছামাৰীৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে তিনি ছাইবাৰ অপৰাধীক । এক গোপন সূত্ৰৰ পম খেদি ভূৰাগাঁও আৰক্ষীয়ে চলোৱা অভিযানত জৰিবৰৰ বেছামাৰী ডুবাৰ পৰা ৰফিকুল ইছলাম নামৰ এগৰাকী পঞ্চায়ত প্ৰতিনিধি সহ মেহদি আলম ওৰফে আজা আৰু ছেকাব উদ্দিন নামৰ আন দুগৰাকী ছাইবাৰ অপৰাধীক আটক কৰিবলৈ সক্ষম হয় । আৰক্ষীয়ে ধৃত লোক কেইজন পৰা এখন চাৰিচকীয়া বাহন , এখন দুচকীয়া বাহনৰ লগতে কেইবাখনো ম'বাইল ফোন জব্দ কৰে । উল্লেখ্য যে ধৃত ছাইবাৰ অপৰাধী কেইজনে দীৰ্ঘদিন ধৰি অঞ্চলটোত ছাইবাৰ অপৰাধৰ ঘাটি চলাই অহাৰ অভিযোগ উত্থাপিত হৈছে। প্ৰাপ্ত অভিযোগ অনুসৰি, অঞ্চলটোৰ সহজ-সৰল লোকৰ পৰা অতি কৌশলেৰে পেন-কাৰ্ড ,আধাৰ কাৰ্ড সংগ্ৰহ কৰি গৰাকীৰ অজ্ঞাতে বিভিন্ন লোকৰ নামত লাখ লাখ টকাৰ লোন সংগ্ৰহ কৰি অতি কম দিনতে অগাধ সম্পত্তিৰ মালিক হৈ পৰিছে এইসকল লোক । ইপিনে বৰ্তমানেও পলাতক হৈ আছে আন কেইবাজনো ছাইবাৰ অপৰাধৰ লগত জড়িত লোক ।

Post a Comment

0 Comments