TOP NEWS

6/recent/ticker-posts

Header Ads Widget

কাকপথাৰত পেলনীয়া সামগ্ৰী আৰু চেপেটা শিলৰ ওপৰত চিত্ৰ কৰ্মশালা সম্পন্ন

ষ্টাফ ৰিপৰ্টাৰ, কাকপথাৰ, ২৪ জুলাই: তিনিচুকীয়াৰ কাকপথাৰৰ সামাজিক সাংস্কৃতিক অনুষ্ঠান অভিৰুচি ক্লাৱ তথা অসমৰ বিশিষ্ট শিল্পকলা গোট "আৰ্ট ফৰ নেচাৰ" আৰু ক্ৰিয়েটিভ আৰ্ট ষ্টুডিওৰ উদ্যোগত যোৱা ২০, ২১ আৰু ২২ জুলাই তাৰিখে গ্ৰীস্ম বন্ধৰ সময়চোৱাত কাকপথাৰৰ অভিৰুচি ক্লাৱৰ নিজা প্ৰেক্ষাগৃহত পেলনীয়া সামগ্ৰী আৰু ভিন্ন আকাৰৰ চেপেটা শিলৰ ওপৰত এখনি বিশেষ চিত্ৰ আৰু হস্তকলাৰ কৰ্মশালা অনুষ্ঠান হৈ যায় । বিশিষ্ট এই অনুষ্ঠানতোৰ প্ৰশিক্ষক হিচাপে উপস্থিত থাকে শুভাশীষ আৰন্ধৰা, নিৰঞ্জন নায়ক, প্ৰবাল বৰুৱা আৰু তপন মাহত্ব ডাঙৰীয়াই । অগতানুগতিক এই অনুষ্ঠানটোত যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ।অনুষ্ঠানৰ শেষৰ দিনা কৰ্মশালাত অংশগ্ৰহণকাৰী সকলোকে একোখনকৈ মানপত্ৰ দিয়া হয় । উক্ত সামৰণি অনুষ্ঠানটোত উপস্থিত থাকে কাকপথাৰৰ বিশিষ্ট চিত্ৰশিল্পী তথা সামাজিক ব্যক্তি পদ্মেশ্বৰ গোহাঁইদেৱ, বিশিষ্ট চলচ্চিত্ৰ পৰিচালক জয়ছেং জয় দহোতীয়াদেৱ, কাকপথাৰ মইনা পাৰিজাতৰ পুণ্যলতা খনিকৰ বাইদেউ, কাকপথাৰ মহাবিদ্যালয়ৰ বিষয় শিক্ষক তপন শৰ্মাদেৱ আদি । আনহাতে অনুষ্ঠানৰ মানপত্ৰ বিতৰণ কৰে আমন্ত্ৰিত ব্যক্তিসকলৰ লগতে অভিৰুচি ক্লাৱৰ সঞ্চালক মানস প্ৰতিম দত্তদেৱে, ক্লাৱৰ কোষধক্ষ্য চুছেন বড়াদেৱে, ক্লাৱৰ সম্বনয়ক ৰাজকুমাৰ গোহাঁইদেৱে, ক্লাৱৰ সহকাৰী অৰ্পণ বৰুৱাদেবে, ক্লাৱৰ সদস্য মাধুয্য ফুকনদেৱৰ লগতে আৰ্ট ফৰ নেচাৰৰ সদস্য সকলে । আনহাতে তপন শৰ্মাদেৱে কয় যে তিনিচুকীয়াৰ কাকপথাৰৰ দৰে অঞ্চলত অনুষ্ঠিত হোৱা এনেধৰণৰ অগতানুগতিক অনুষ্ঠানে নৱ প্ৰজন্মৰ মাজত এক নতুন চিন্তা চৰ্চ্চাৰ পৰিবেশৰ জন্ম দিছে । তাৰোপৰি অভিৰুচি ক্লাৱৰ সঞ্চালক মানস প্ৰতিম দত্তদেৱে ৰাইজৰ সহাৰিলৈ লক্ষ্য কৰি কয় যে অনাগত সময়তো ক্লাৱে এনেধৰণৰ অনুষ্ঠান কৰি যাবলৈ দায়বদ্ধ । তাৰোপৰি শেষৰ দিনৰ অনুষ্ঠানটোত আৰ্ট ফৰ নেচাৰ আৰু ক্ৰিয়েটিভ আৰ্ট ষ্টুডিওৰ নিজা চিত্ৰকলা প্ৰদৰ্শন কৰে । শেষত, অনুষ্ঠানত উপস্থিত সকলোৱে মিলি এখন উকা কেনভাচত এখন বিশেষ চিত্ৰ অংকনেৰে অনুষ্ঠানতোৰ সামৰণি মাৰে ।

Post a Comment

0 Comments