TOP NEWS

6/recent/ticker-posts

Header Ads Widget

গুৱাহাটী আৰ্টিষ্ট গীল্ডত ব্যতিক্ৰমী কাৰ্য্যসূচীৰে চিত্ৰাংকন প্ৰতিযোগিতা

ষ্টাফ ৰিপৰ্টাৰ, গুৱাহাটি, ১১ জুলাই ঃ অসমৰ এক অগ্ৰণী সামাজিক তথা সাংস্কৃতিক অনুষ্ঠান ব্যতিক্ৰম মাচডোৰ ৬০ দিনীয়া ড্ৰাগছ বিৰোধী সজাগতা অভিযানৰ অংশ হিচাপে যোৱা জ্ঝ জুলাই তাৰিখে গুৱাহাটীৰ আৰ্টিষ্ট গীল্ডত এখনি চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়৷ স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ মাজত অনুষ্ঠিত হোৱা প্ৰতিযোগিতা খনত প্ৰায় শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে৷ প্ৰতিযোগিতাৰ শেষত আনুষ্ঠানিক কাৰ্যসূচীত উপস্থিত থাকে গুৱাহাটী আৰ্টিষ্ট গীল্ডৰ সাধাৰণ সম্পাদক কিশোৰ কুমাৰ দাস, অধ্যাপিকা তথা গায়িকা মাইনু দেৱী, বিশিষ্ট চিকিৎসক ড॰ ৰীমা দাস মল্লিক, আই আই এফ এল ফ্ৰেন্সী বজাৰৰ শাখা প্ৰবন্ধক পুষ্পক শৰ্মা৷ ব্যতিক্ৰম মাসডোৰ সভাপতি ড॰ সৌমেন ভাৰতীয়াই আদৰণি ভাষণ আগবঢ়াই আৰ্টিষ্ট গীল্ডৰ সকলো সদস্যক ধন্যবাদ জ্ঞাপন কৰাৰ লগতো বিশেষভাবে অভিভাৱক সকলক ধন্যবাদ জ্ঞাপন কৰে ছাত্ৰ ছাত্ৰী সকলক ছবিৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ বাবে৷ অনুষ্ঠানৰ মাজতে গীত পৰিৱেশন কৰে শিল্পী নয়নিকা হাজৰিকা আৰু সংস্কৃতা মালকাৰে৷ তিনিটা পৰ্যায়ত অনুষ্ঠিত হোৱা প্ৰতিযোগিতা খনত ক্সট্টক্স গ্ৰnপত প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ পাবলৈ সক্ষম হয় ক্ৰমে স্মিতাক্ষি ডেকা, ধনশ্ৰী বেজবৰুৱা আৰু ধন্যতা তামূলী৷ ’B’ গ্ৰnপত ক্ৰমে প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে এনি কাশ্যপ, হিয়াংশু কাশ্যপ আৰু ৰাজশ্ৰী ভট্ট আৰু গ্ৰnপ ক্সট্ৰক্স ত ক্ৰমে পূৰ্ৱ দাস, তাজিম বসুমতাৰী আৰু অৰ্চিতা ভট্টই প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়৷ প্ৰতিযোগিতাখনিত বিচাৰকৰ আসন গ্ৰহণ কৰে হৰ কুমাৰ ডেকা, পৰান বান্তি দেৱী, দীপালী মেধী আৰু জিতুমণি বৈশ্যদেৱে৷ অনুষ্ঠানৰ শেষত সকলো বিজয়ীক পুৰস্কৃত কৰা হয়৷

Post a Comment

0 Comments