TOP NEWS

6/recent/ticker-posts

Header Ads Widget

জনজাতিকৰণৰ দাবীত কোচ-ৰাজবংশী সংগ্ৰাম সমিতিৰ অৱস্থান ধৰ্মঘট

জুলফিকাৰ আলী, উত্তৰ লখিমপুৰ,জুন ১৭: অসমৰ অন্যতম শক্তিশালী সংগঠন কোচ-ৰাজবংশী সংগ্ৰাম সমিতি চমুকৈ কে আৰ এছ এছৰ নৱ গঠিত সমিতিৰ কাৰ্যনিবাহক সকলে শপত গ্ৰহণৰ দিনটোতেই অসমৰ ভূমিপুত্ৰ কোচ-ৰাজবংশী জনগোষ্ঠীৰ ন্যাৰ্য-প্ৰাপ্য মৰ্যদা প্ৰদানৰ দাবীত এলানী কাৰ্যসূচী গ্ৰহণ কৰিছে। সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে কোচ-ৰাজবংশী সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি ৰূপজ্যোতি দত্ত কোচে উল্লেখ কৰে যে-"অভয়াপুৰীৰ চিলাৰায় ভৱনত অনুষ্ঠিত শপত গ্ৰহণ আৰু কেন্দ্ৰীয় কাৰ্যনিবাহকত ঘোষণা কৰা কাৰ্যসূচী অনুসৰি অহা ১২ জুলাইত দিছপুৰত অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰিব।
৩০ আগষ্টত বঙাইগাঁৱত জাতীয় অভিৱৰ্তন অনুষ্ঠিত কৰি নবেম্বৰৰ পহিলা সপ্তাহত নতুন দিল্লীত তিনিঘণ্টীয়া অৱস্থান ধৰ্ণা আৰু ডিচেম্বৰৰ শেষ সপ্তাহত জনজাতিকৰণ সন্দৰ্ভত বিভিন্ন দল, সংগঠনৰ সৈতে বৈঠক অনুষ্ঠিত কৰিব। উল্লেখ্য যে যোৱা ১১, ১২ মে'ত দুদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যক্ৰমনিকাৰে ধুবুৰী জিলাৰ ৰতিয়াদহত অনুষ্ঠিত দ্বি-বাৰ্ষিক অধিৱেষনৰ প্ৰতিনিধি আৰু বিষয়-বাচনি সভাত বঙাইগাঁৱৰ নাৰায়ণ মেধীক সভাপতি, উত্তৰ লখিমপুৰৰ ৰূপজ্যোতি দত্তক কাৰ্যকৰী সভাপতি, ধুবুৰীৰ দুলাল চন্দ্ৰ ৰায়ক সাধাৰণ সম্পাদক হিচাপে লৈ কোচ-ৰাজবংশী সংগ্ৰাম সমিতি, অন্যহাতে বঙাগাঁও, যোগিঘোপাৰ ৰিংকুমণী বৰুৱাক সভানেত্ৰী, ধুবুৰীৰ নিহাৰবালা ৰায়, তিনিচুকীয়া মৃদুলা দত্তক যুটীয়া সাধাৰণ সাম্পাদিক ৰূপে লৈ নিৰ্বাচিত কোচ-ৰাজবংশী মহিলা সংগ্ৰাম সমিতিৰ বিষয়-ববীয়া সকলক বিগত ১২ জুনত অনুষ্ঠিত হোৱা শপত গ্ৰহণ অনুষ্ঠানত আনুষ্ঠানিকভাৱে শপত বাক্য পাঠ কৰোৱায় সংগঠনটোৰ প্ৰতিষ্ঠাপক সভাপতি তথা কমতাপুৰ স্বায়ত্তশাষিত পৰিষদৰ কাৰ্যবাহী পাৰিষদ অতুল চন্দ্ৰ ৰায়ে ।

Post a Comment

0 Comments