TOP NEWS

6/recent/ticker-posts

Header Ads Widget

বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত মুখ্যমন্ত্ৰীৰ অংশ গ্ৰহণ

ষ্টাফ ৰিপ'ৰ্টাৰ গুৱাহাটী, জুন, 16: কাৰ্বি আংলং জিলাৰ ডিফুত অনুষ্ঠিত ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সমিতিৰ আজিৰ সভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজ্যখনৰ আৰ্থ-সামাজিক উত্তৰণৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে গ্ৰহণ কৰা আঁচনিসমূহ অধিক জনমুখী কৰাৰ বাবে দলৰ কাৰ্যনিৰ্বাহক সদস্যসকলে সেৱাৰ মানসিকতাৰে কাম কৰিব লাগিব৷ আজি ৰাজ্যখনে এক উন্নয়নৰ নতুন দিগন্তৰে যাত্ৰা আৰম্ভ কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে তৃণমূল পৰ্যায়লৈ আঁচনিসমূহ লৈ যোৱাৰ বাবে আত্মোৎসৰ্গৰে কাম কৰি সমাজৰ শেষৰজন ব্যক্তিও যাতে উপকৃত হ’ব পাৰে সেই দিশত লক্ষ্য ৰাখিব লাগিব৷ কাৰ্বি আংলং জিলাত শেহতীয়াকৈ অনুষ্ঠিত স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনত বিজেপিয়ে আটাইকেইখন আসন লাভ কৰাৰ বাবে তুলিৰাম ৰংহাং আৰু বিজেপিৰ কৰ্মকৰ্তাসকলক অভিনন্দন জ্ঞাপন কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই জয়ে দলৰ দায়িত্ব আৰু অধিক বৃদ্ধি কৰিলে৷ পাহাৰীয়া জিলা দুখনৰ দ্ৰুত উন্নয়নৰ লক্ষ্যৰে কাম কৰিব লাগিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাৰ্গ দৰ্শনেৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আমাৰ জাতিটোক আগুৱাই নিয়াৰ বাবে সংকল্পবদ্ধ হ’ব লাগিব বুলিও তেওঁ কয়৷ পূৰ্বৰ আৰু বৰ্তমানৰ কাৰ্যকৰ্তাসকলৰ দলটোৰ প্ৰতি থকা ত্যাগ আৰু আদৰ্শৰ বাবেহে আজি এক শক্তিশালী স্থানত উপনীত হৈছে৷ ইয়াৰ বাবে তেওঁ দলৰ কাৰ্যকৰ্তাসকলকো ধন্যবাদ জ্ঞাপন কৰে৷ মুখ্যমন্ত্ৰীয়ে কয় যে দলে আজি যি স্থানত উপনীত হৈছে সেয়া শেষ পৰ্যায় বুলি ভাবিলে নহব, সমাজৰ প্ৰতিটো শ্ৰেণীক আকৰ্ষিত কৰাৰ বাবে দিনে-নিশাই কামত নিয়োজিত হব লাগিব৷ মুখ্যমন্ত্ৰীয়ে কয় যে তেনে পৰ্যায়ত উপনীত হবলৈ হলে নিঃস্বাৰ্থভাৱে দেশসেৱাৰ মানসিকতাৰে কাম কৰিব লাগিব৷ মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যখনৰ বিকাশৰ গতি অধিক ত্বৰান্বিত কৰাৰ বাবে ৰাজ্য চৰকাৰে বিভিন্ন আঁচনি তথা কাৰ্যসূচী ৰূপায়ণ কৰিছে৷ তেওঁ কয় যে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ ধবজাবাহী আঁচনিসমূহ সঠিক ৰূপত ৰূপায়ণৰ দিশত যিবোৰ বাধা আছে তাক চিনাক্তকৰণ কৰি সেই বাধা সমূহ আঁতৰ কৰাৰ বাবে কাম কৰিব লাগিব৷ তেওঁ কয় যে ধান ক্ৰয় আঁচনি, অৰুণোদয়, বসুন্ধৰা আদিকে ধৰি কেইবাখনো আঁচনিৰ জৰিয়তে প্ৰকৃত হিতাধিকাৰীক উপকৃত কৰাৰ দিশত লাভ কৰা সফলতাই দলটোক আজিৰ পৰ্যায়ত উপনীত কৰিছে৷ শেহতীয়াকৈ ৰাজ্যখনত অনুষ্ঠিত নিৰ্বাচনত দলে যি সফলতা লাভ কৰিছে তাৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰখাৰ বাবে দিনে নিশাই কাম কৰিবলৈও কাৰ্যনিৰ্বাহক সদস্যসকলক আহ৩ান জনায়৷ তেওঁ লগতে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশৰ উন্নয়নৰ এই ধাৰা অব্যাহত ৰাখিব পৰা যায় সেই দিশতো লক্ষ্য ৰাখি জনমুখী মানসিকতাৰে নিজকে নিয়োজিত কৰিব লাগিব ৷আজিৰ এই কাৰ্যনিৰ্বাহক সভাত কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিজেপিৰ ৰাষ্ট্ৰীয় উপ-সভাপতি তথা অসমৰ প্ৰভাৰী বৈজয়ন্ত পাণ্ডা, সাংসদ তথা বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, অসম ৰাজ্যিক বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মাৰ লগতে কেইবাগৰাকীও কেবিটেন মন্ত্ৰী, বিধায়ক আৰু বিজেপিৰ কাৰ্যনিৰ্বাহক সদস্যসকল উপস্থিত থাকে৷

Post a Comment

0 Comments