বজালী, ৫ জুন : বজালী জিলা প্ৰশাসনে যোৱা চাৰি জুনত বজালী ৰাজহ চক্ৰৰ অধীনৰ ডুবি ( মালিপাৰা) ৰ সমীপৰ দঙৰপাৰ চুবাক কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰিছিল । আজি উক্ত এলেকাত জিলা প্ৰশাসনে খদ্য সামগ্ৰী বিতৰণ কৰে । উল্লেখ্য প্ৰশাসনৰ বিষয়া আৰু স্বাস্হ্য বিভাগৰ বিষয়া কৰ্মচাৰীয়ে এই এলেকাৰ লোকৰ লগত উপায়ুক্তৰ নিৰ্দেশ অনুসৰি যোগাযোগ অব্যাহত ৰাখিছে । ইফালে জিলা প্ৰশাসনে কিছুদিন পূৰ্বে ঘোষণা কৰা বজালী ৰাজহ চক্ৰৰ অধীনস্হ বন্ধসিধনী ৰাজহ গাৱৰ মহাৰাণী চুবাৰ কণ্টেইনমেণ্ট জ'ন নিৰ্দিষ্ট সময় উকলি যোৱা আৰু সংশ্লিষ্ট এলেকাৰ লোক সকলৰ কভিড নিগেটিভ হোৱাত প্ৰশাসনে আজি উক্ত অঞ্চলৰ পৰা কণ্টেইনমেণ্ট জোন প্ৰত্যাহাৰ কৰে ।
0 Comments