বৰপেটা, ৫ জুন: পানীত পৰা লোকক তাৎক্ষণিকভাৱে উদ্ধাৰৰ বাবে স্থানীয় সুদক্ষ যুবকক বিশেষ প্ৰশিক্ষণেৰে প্ৰতিটো অঞ্চলতে একোটাকৈ দল গঠনৰ বাবে বৰপেটা জিলাৰ উপায়ুক্তৰ উদ্যোগত গ্ৰহণ কৰা অভিনৱ ব্যৱস্থাৰ অংশ হিচাপে আজি চেঙা ৰাজহ চক্ৰৰ অধীনৰ গোমাফুলবাৰীত ১৬ জনক প্ৰশিক্ষণ প্ৰদান কৰা হয়। বৰপেটা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকাৰীৰ উদ্যোগত গোমাফুলবাৰী ছিনিয়ৰ মাদ্ৰাছা স্কুলত অনুষ্ঠিত এই প্ৰশিক্ষণ কাৰ্যসূচীত চেঙাৰ ৰাজহ চক্ৰ বিষয়া নিতুল খাটনিয়াৰ, সহকাৰী আয়ুক্ত লিনামী দাস আৰু দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকাৰীৰ জিলা প্ৰকল্প বিষয়া ড নন্দিতা দত্তও উপস্থিত থাকে। অনুষ্ঠানত বৰপেটা অগ্নি নিৰ্বাপন বাহিনীৰ কেন্দ্ৰ বিষয়া মৃণাল দাসে অংশগ্ৰহণকাৰী সকলক কম আয়াসতে ঘৰুৱা পেলনীয়া সামগ্ৰীৰে কিদৰে লাইফ জেকেট বা লাইফ বোয় সাজি লৈ বেছি সময়লৈ পানীত উপঙি থকাৰ লগতে পানীত পৰা লোকক উদ্ধাৰৰ বাবে ব্যৱহাৰ কৰিব পাৰি সেই বিষয়ে উদাহৰণ সহ বুজায় কয়। তেওঁ দুৰ্ঘটনাগ্ৰস্থ লোকক কিদৰে প্ৰাথমিক চিকিৎসা প্ৰদান কৰিব লাগে তাৰো আভাষ ব্যৱহাৰিক প্ৰদৰ্শনেৰে দাঙি ধৰে। অনুষ্ঠানত দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকাৰীৰ ক্ষেত্ৰ বিষয়া সকল আৰু ৰাজ্যিক দুৰ্যোগ সহাৰি বাহিনী, বৰপেটাৰ জোৱান সকলো উপস্থিত থাকে। উল্লেখযোগ্য যে ৰাজ্যিক দুৰ্যোগ সহাৰি বাহিনীৰ সীমিত সংখ্যাৰ বাবে কোনো স্থানত দুৰ্ঘটনা সংঘটিত হলে দলটো গৈ পানীত ডুবা লোকজনক জীৱন্তে উদ্ধাৰ কৰাটো সম্ভৱ হৈ নুঠে। জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই জনোৱা মতে, সেয়ে জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালৰ পৰামৰ্শ ক্ৰমে জিলা খনৰ প্ৰতিটো প্ৰান্ততে সাঁতোৰত বিশেষ দক্ষতা থকা স্থানীয় যুবক সকলক প্ৰাথমিক প্ৰশিক্ষণেৰে উদ্ধাৰ অভিযানৰ বাবে উপযুক্ত ৰূপত গঢ়ি তুলিব বিচৰা হৈছে। যোৱা ৩১ মে'ত জিলা উপায়ুক্ত ভূচালৰ উপস্থিতিত এনে প্ৰথমটো ১৬ জনীয়া দলক কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত জনিয়াত দিয়া প্ৰশিক্ষণ কাৰ্যসূচী সফলতাৰে সম্পন্ন হোৱাৰ পিছত আজি দ্বিতীয়টো কাৰ্যসূচী চেঙা ৰাজহ চক্ৰৰ অন্তৰ্গত গোমাফুলবাৰীত সম্পন্ন কৰা হয়।
0 Comments