বজালী,
১৭ জুন: বজালীত কভিড সংক্ৰমণৰ প্ৰাৱল্য
ধীৰে- ধীৰে নিম্ন গতিলৈ
অগ্ৰসৰ হৈছে যদিও জিলাখনৰ দুই
এক অঞ্চলৰ কেতবোৰ চুবুৰীত নতুনকৈ সংক্ৰমণ হোৱাৰ পৰিপ্ৰেক্ষিতত সময়ে সময়ে দুই
এটা চুবাক প্ৰশাসনে কণ্টেইনমেণ্ট জ’ন ৰূপে চিহ্নিত কৰি
আহিছে ।
চৰকাৰী বিধি অনুসৰি ঘোষিত
কণ্টেইনমেণ্ট জোনত খাদ্যৰ উপৰিও প্ৰয়োজনীয়
সুবিধাও প্ৰদান কৰা হৈছে ।এনে অৱস্হাত বজালী জিলাৰ বজালী ৰাজহ
চক্ৰৰ অধীনৰ বৰবাং ৰাজহ গাৱৰ অন্তৰ্গত গোসাইপাৰা চুবাক
জিলা প্ৰসাশনে আজি কণ্টেইমেণ্ট জোন
হিচাপে চিহ্নিত কৰিছে ।
বজালী জিলাৰ উপায়ুক্তই জিলাখনত
কভিড সংক্ৰমণ ৰোধ কৰাৰ
বাবে ব্যাপক সতৰ্কতা অবলম্বন কৰিছে ।
0 Comments