TOP NEWS

6/recent/ticker-posts

Header Ads Widget

ছলমানৰ নতুন ছবি ‘ৰাধে’



এণ্টাৰটেইনমেণ্ট ডেস্ক, ১3 মেঃ ক’ভিড পৰিস্থিতিৰ বাবে বিগত বছৰত ছলমান খানৰ কোনো ছবি মুক্তি পোৱা নাছিল।এইবাৰো তাৰ ব্যতিক্ৰম নহয়। দেশত ক’ভিড মহামাৰীৰ দাবানলৰ বাবে বিশাল পর্দাৰ পৰিৱৰ্তে OTT-তেই মুক্তি পাবলৈ ওলাইছে ‘ৰাধে’। প্রাথমিক পৰ্যায়ত ছবিৰ প্রযোজক-অভিনেতা ছলমন খান আৰু পৰিচালক প্রভু দেবাই ‘ৰাধে’ক বিশাল পর্দাতেই মুক্তি দিয়াৰ পোষকতা কৰিছিল। কিন্তু বাৰে বাৰে তাৰিখ দিয়া সত্ত্বেও মহামাৰীৰ পৰিপ্ৰেক্ষিতত পিছুৱাবলগীয়া হৈছে ছবিখনৰ মুক্তিৰ তাৰিখ।দুর্গাপূজা, দীপাৱলী পাৰ হৈ অৱশেষত বৃহস্পতিবাৰ ঈদৰ দিনাই মুক্তি পাবলৈ ওলাইছে বহুল প্রতীক্ষিত ছবি ‘ৰাধে’।

Post a Comment

0 Comments